‘বচপন কা প্যাৰ’ খ্যাত সহদেৱ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত

 12/29/2021 - 13:26
 
 
নিউজ ডেস্কঃ ‘বচপন কা প্যাৰ’ শীৰ্ষক এটা গানেৰে ভাইৰেল হৈছিল চত্তীশগড়ৰ সহদেৱ নামৰ কিশোৰজন। অৱশ্যে এইবাৰ গানেৰে নহয়, দুৰ্ঘটনাৰ বাবে চৰ্চালৈ আহিছে সহদেৱ।মঙলবাৰে এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছে সহদেৱ। শবীৰ নগৰত সংঘটিত হোৱা এই দুৰ্ঘটনাত সহদেৱে মূৰত আঘাত পাইছে।
 
দুৰ্ঘটনাৰ পিছত চিকিৎসাৰ বাবে তেওঁক জগদলপুৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু তাতেই চিকিৎসা প্ৰদান কৰি থকা হৈছে। চিকিৎসালয়ত ভৰ্তি হৈ থকা সহদেৱৰ এখন ফটোও ভাইৰেল হৈছে। য’ত সহদেৱক অতি গুৰুতৰ অৱস্থাত দেখা পোৱা গৈছে। সহদেৱৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰি বহুজনে সহদেৱৰ স্বাস্থ্যৰ বুজ লৈছে।
 
বলিউডৰ জনপ্ৰিয় ৰেপাৰ বাদশ্বাহে টুইট কৰি কয় যে, তেওঁ সহদেৱৰ পৰিয়ালৰ সৈতে আছে। ইফালে চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে সহদেৱৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰি দুখ প্ৰকাশ কৰে। তেওঁ সহদেৱৰ সৰ্বশ্ৰেষ্ঠ চিকিৎসা সহায় আগবঢ়োৱাৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।