ত্ৰিপুৰাৰ ধলাই জিলাত সুৰা বুলি ভাবি এচিড সেৱন কৰি তিনিজনৰ মৃত্যু

 12/30/2021 - 13:10
 
 
নিউজ ডেস্কঃ ত্ৰিপুৰাৰ ধলাই জিলাত সুৰা বুলি ভাবি এচিড সেৱন কৰাৰ ফলত ৩জনকৈ লোকে সাৱটি ল’লে কৰুণ মৃত্যুক।আৰক্ষী বিষয়া ৰত্ন সাধন জামাতিয়াৰ মতে নিহত তিনিজনৰ নাম ক্ৰমে ২২ বছৰীয়া শচীনদ্ৰা ৰিয়াং, ৪০ বছৰীয়া অধিৰাম ৰিয়াং আৰু ৩৮ বছৰীয়া ভাবিৰাম ৰিয়াং। তিনিওজনে অত্যাধিক সুৰাপানৰ ফলত ভুলতে পান কৰে এচিড।স্থানীয় লোকসকলৰ মতে, মৃত সকলৰ মাজৰ এগৰাকী ভাবিৰামৰ পত্নী আৰু সন্তান শুক্ৰবাৰে তেওঁৰ ঘৰলৈ গৈছিল। পিছত সোমবাৰে, ভাবিৰামে তেওঁৰ পুত্ৰ অসুস্থ বুলি তথ্য লাভ কৰে আৰু ভাবিৰামেও তেওঁৰ পুত্ৰক লগ কৰিবলৈ তেওঁৰ শহুৰেকৰ ওচৰ পাইছিল।সোমবাৰে নিশা কাঞ্চনচাৰা অঞ্চলত এটা পাৰ্টি অনুষ্ঠিত হৈছিল য’ত ১০ জন লোকে অংশগ্ৰহণ কৰিছিল। ইয়াত অত্যাধিক সুৰা পান কৰাৰ পিছত তিনিজন লোকে ভুলবশতঃ এচিড সেৱন কৰিছিল। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।