মোক পাকিস্তানলৈ যাবলৈ কোৱা সকলে প্ৰথমে কৈলাশ পৰ্বতলৈ গৈ দেখুৱাওঁক- নাছিৰুদ্দিন শ্বাহ

 12/30/2021 - 18:01
 
 
নিউজ ডেস্কঃ অভিনেতা শ্বাহে কয় যে ধৰ্মক লৈ লাগি থাকিলে অতি সোনকালে দেশত গৃহযুদ্ধ হ’ব। নাছিৰুদ্দিন শ্বাহে এক সাক্ষাৎকাৰত কৈছিল যে ”এতিয়া দেশত কি হৈ আছে দেখি মই অতি আচৰিত হৈছো। ভাৰতত ২০ কোটি মুছলমান আছে। এই ২০ কোটি মুছলমানৰ মাতৃভূমি ভাৰতবৰ্ষ। আমাৰ ইয়াতেই জন্ম হৈছে। প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি ভাৰততেই আমি বসবাস কৰি আহিছো। এই দেশৰ মাটি-পানী খায়েই আমাৰ পূৰ্বপুৰুষসকলে মৃত্যুবৰণ কৰিছে।”তেওঁ লগতে কয় যে ”ভাৰতত বৰ্তমান মুছলমানসকলক ভীতিগ্ৰস্ত কৰি ৰাখিব বিচৰা হয়। আমাৰ ওপৰত যিমান ঘৃণা বিয়পাই দিলেও এই দেশ এৰি আমি ক’তো নাযাওঁ। আমি মুছলমান লোকসকলে হাৰ নামানো। যিকোনো পৰিস্থিতিত আমি যুঁজিব লাগিব। আমি আমাৰ ঘৰ আৰু মাতৃভূমিক সুৰক্ষিত কৰি ৰাখিব লাগিব। আমি আমাৰ পৰিয়াল আৰু সন্তানক বচাব লাগিব। মোক যিসকলে পাকিস্তান যাবলৈ কয় সেইসকলে প্ৰথমে কৈলাশ পৰ্বতলৈ গৈ দেখুৱাক।”ইফালে নাছিৰুদ্দিন শ্বাহে মোগলক ‘শৰণাৰ্থী’ বুলি কৈ টুইটাৰত ট্ৰ’লৰ সন্মুখীন হৈছে। তেওঁ এটা সাক্ষাৎকাৰ দিছিল। সাক্ষাৎকাৰটোত নাছিৰুদ্দিন শ্বাহে কৈছিল ”মোগলৰ অত্যাচাৰখিনিকে সকলো সময়তে আলোকপাত কৰা হৈছে। আমি পাহৰি যাওঁ যে মোগলসকল এনে লোক যিয়ে দেশলৈ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁলোক এনে লোক যিয়ে দেশত বহু স্থায়ী স্মাৰক এৰি থৈ গৈছে। দেশত নৃত্য, সংগীত, চিত্ৰাংকন, সাহিত্যৰ পৰম্পৰা দি থৈ গৈছে।”উল্লেখযোগ্য যে কেইমাহমান পূৰ্বে নাছিৰুদ্দিন শ্বাহে প্ৰদান কৰা এক মন্তব্যই যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ কৈছিল যে ”একাংশ মুছলমানে তালিবানৰ উত্থানক লৈ আনন্দ উদযাপন কৰাটো অতি ভয়ংকৰ। যিসময়ত আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পাছত সমগ্ৰ বিশ্বৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে, সেই সময়ত ভাৰতৰ একাংশ মুছলমান লোকে আনন্দ উদযাপন কৰাটো অতি বিপজ্জনক। তালিবানক বৰ্বৰ বুলিও আখ্যা দিয়ে নাছিৰুদ্দিন শ্বাহে। তেওঁ কয়- যিসকলে তালিবানৰ পুনৰোত্থানক লৈ আনন্দ কৰিছে, নিজকে প্ৰশ্ন কৰা উচিত যে তেওঁলোকে তেওঁলোকৰ ধৰ্মক আধুনিক কৰি তুলিব কৰিব নে পুৰণা বৰ্বৰ ধৰ্মীয় ব্যৱস্থা এটাতে থাকিব। তদুপৰি তেওঁ ভাৰতীয় মুছলমানসকলক ‘হিন্দুস্তানী মুছলমান’ বুলিও অভিহিত কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।