দুই পুত্ৰই মাতৃৰ মৃত্যুৰ পিছত আগবাঢ়ি নাহিল শেষকৃত্যৰ বাবে, চাৰি কন্যাই মাতৃক কান্ধত তুলি নিলে শ্মশানলৈ

 01/03/2022 - 14:09
 
 
নিউজ ডেস্কঃ দেওবাৰে মৃত্যু হৈছিল উড়িশাৰ পুৰিৰ মংগলাঘাটৰ জাতি নায়ক নামৰ মহিলাগৰাকী৷ তেওঁৰ পৰিয়ালত আছিল দুই পুত্ৰ আৰু চাৰিগৰাকীকৈ কন্যা সন্তান৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি দুই পুত্ৰই মাতৃৰ মৃত্যুৰ পাছত আগবাঢ়ি নাহিল শেষকৃত্যৰ বাবে৷ ইয়াৰ পাছতে সমাজৰ সকলো নিয়ম ভাঙি চাৰি কন্যাই আগবাঢ়ি মাতৃক শ্মশানলৈ নিয়াৰ দায়িত্ব পালন কৰে৷ প্ৰায় ৪ কিলোমিটাৰ কান্ধত চাঙিত তুলি মাতৃৰ শেষকৃত্যৰ বাবে নিয়া দৃশ্যই প্ৰত্যেকগৰাকী হৃদয়বান লোকৰ অন্তৰ চুই গৈছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।