এইবাৰ ফ্লোৰোনা ৰোগৰ সংক্ৰমণঃ ইজৰাইলত ফ্লোৰোনাৰ প্ৰথমটো ঘটনা, এই ৰোগৰ চিকিৎসা আছেনে?

 01/03/2022 - 17:55
 
 
নিউজ ডেস্কঃ পৃথিৱীত প্ৰথমবাৰৰ বাবে ক’ভিড আৰু ফ্লু ভাইৰাছে একেসময়তে মানৱ শৰীৰত সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। এই ক’ভিড আৰু ইনফ্লুৱেঞ্জাৰ দ্বৈত সংক্ৰমণক ‘ফ্লোৰোনা’ বুলি নাম দিয়া হৈছে। ফ্লোৰোনাৰ প্ৰথম ঘটনা এগৰাকী গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত পোৱা গৈছে। মহিলাগৰাকীক ইজৰাইলৰ ৰবীন চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল। কেঁচুৱা জন্ম দিবলৈ প্ৰসূতিগৰাকীক হাস্পতালত ভৰ্তি কৰোৱাৰ সময়তে পোহৰলৈ আহে। যিগৰাকী মহিলাৰ ফ্লুৰোনা গোচৰ পোহৰলৈ আহিছিল তেওঁক টীকাকৰণ কৰা হোৱা নাছিল।
 
প্ৰকাশিত খবৰ অনুসৰি ইজৰাইলে ফ্লোৰোনা ৰোগ, কোভিড-19 আৰু ইনফ্লুৱেঞ্জাৰ দ্বৈত সংক্ৰমণৰ প্ৰথমটো ঘটনা পঞ্জীয়ন কৰিছে। ইয়াৰ লগে লগে নতুন গৱেষণাৰ প্ৰয়োজনীয়তাৰ কথা ভবাই তুলিছে। দুয়োটা ভাইৰাছে একেলগে শৰীৰত প্ৰৱেশ কৰিব পাৰে আৰু বহুতো গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে ফ্লোৰোনা অধিক বিপদজনক হ’ব বুলি কোৱা হৈছে।
আক্ৰান্তসকলৰ গুৰুতৰ ৰোগ যেনে নিউমোনিয়া, উশাহ লোৱাত অসুবিধা, অংগ বিকল হোৱা, হৃদযন্ত্ৰ, মগজু ফুলা, ষ্ট্ৰোক আদিৰ কাৰক হব পাৰে। যদি অধিক গুৰুতৰ হয় তেনেহ’লে ব্যক্তিজনৰো মৃত্যু হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই বিষয়টোৰ ওপৰত শংকিত হোৱাৰ পৰিৱৰ্তে প্ৰতিৰোধমূলক ব্যৱস্থা অনুসৰণ কৰিবলৈ পৰামৰ্শ দিছে। ভিৰ আৰু দুৰ্বল বায়ু চলাচলৰ স্থান পৰিহাৰ কৰা, বায়ুকোঠাত থকা আৰু নিৰন্তৰভাৱে আপোনাৰ হাত ধোৱা কামসমূহ কৰিবলৈ আহ্বান জনাইছে। মানুহৰ পৰা কমেও এক মিটাৰ দূৰত্ব বজাই ৰখা, দূৰত্ব দূৰ কৰা সম্ভৱ নহ’লে ভালদৰে লগোৱা মাস্ক ব্যৱহাৰ কৰা ইত্যাদি। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।