গোপনে বিবাহপাশত আৱদ্ধ ‘মহাদেৱ’!

 01/03/2022 - 19:32
 
 
 
নিউজ ডেস্কঃ এইবাৰ বিবাহপাশত আৱদ্ধ হ’ল ‘মহাদেৱ’। মহাদেৱ মানে মোহিত ৰাইনা। মোহিত ৰাইনাক সকলোৱে মহাদেৱ বুলিয়েই চিনি পায়। ‘দেৱ কা দেৱ…মহাদেৱ’ নামৰ টিভি ধাৰাবাহিকখনত মহাদেৱৰ চৰিত্ৰ ৰূপায়ন কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ উঠিছিল মোহিত ৰাইনা। মোহিতৰ অভিনয়ে প্ৰতিজন দৰ্শককেই মোহিত কৰিছিল।
 
নৱবৰ্ষৰ আৰম্ভণিতে মোহিতে বিচাৰি পালে নিজ জীৱনৰ পাৰ্বতী। প্ৰেমিকা অদিতিৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হ’ল মোহিত ৰাইনা। মিডিয়াৰ পৰা আঁতৰত থাকি চিৰ জীৱনৰ বাবে একেলগে থকাৰ অংগীকাৰ লয় মোহিত-অদিতিয়ে। মোহিত ৰাইনাই ইনষ্টাগ্ৰামত নিজৰ বিয়াৰ ফটো শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি তোলে। ইয়াৰ পাছতেই গোপনে সমাপন হোৱা এই বিয়াৰ খবৰ ভাইৰেল হৈ পৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।