সদ্যজাত শিশুক বুজনি চিকিৎসকৰঃ ভাল ল’ৰাই মাকক আমনি নকৰে, ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’

 01/05/2022 - 13:25
 
 
নিউজ ডেস্কঃ এটা সদ্যজাত দেৱশিশু আৰু এগৰাকী মহিলা চিকিৎসক। কোনো এখন হাস্পতালৰ ভিতৰত মহিলা চিকিৎসকগৰাকীৰ কোলাত দেখা গৈছে সদ্যজাত দেৱ শিশুটিক। মহিলা চিকিৎসকগৰাকীয়ে সদ্যজাত শিশুটিৰ সৈতে খুব মন দি কথা পাতিছে। শিশুটিয়েও যেন মন দি শুনিছে চিকিৎসকগৰাকীয়ে কৈ যোৱা প্ৰতিটো কথা। চিকিৎসকগৰাকীৰ মুখত শুনা গৈছে বাংলা ভাষা।
 
চিকিৎসকগৰাকীয়ে আদৰসনা কৰ্তৃত্বসুলভ ভংগীৰে শিশুটিক বাংলা ভাষাত কৈছে “বুজিছনে এনেদৰে শান্ত হৈ থাকিবি। মাক আমনি নকৰিবি। তই গুড বয় হয় ন? ভাল ল’ৰাই মাকক আমনি নকৰে।ভাল ল’ৰাই এনেদৰে শান্ত হৈ থাকে। কিছুপৰ ৰৈ মহিলা চিকিৎসকগৰাকীয়ে শিশুটিলৈ চাই পুনৰ কৈছে- “তোক মই বকি থকা নাই দেই, বুজাই হে আছোঁ কথাবোৰ। তই বুজিব পাৰিছ নে নাই।” আলফুলীয়া দেৱ শিশুটিয়ে চিকিৎসকগৰাকীৰ সকলো কথাই বুজি পোৱা নিচিনাকৈ তেওঁৰ মুখলৈ চাই আছে।এই সুন্দৰ ভিডিঅ’টো ক’ৰ আৰু কেতিয়াৰ সেয়া স্পষ্ট হোৱা নাই কিন্তু ই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।