বিশ্বৰ সবাতোকৈ ধুনীয়া হাতৰ আখৰৰ অধিকাৰী কোন?

 01/05/2022 - 14:11
 
 
নিউজ ডেস্কঃ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিশ্বজুৰি ভাইৰেল হৈ পৰিছে এগৰাকী ছাত্ৰীৰ হস্তাক্ষৰ। অষ্টম শ্ৰেণীৰ ছাত্ৰী প্ৰকৃতি মাল্লাই ২০২০ বৰ্ষত সকলোৰে দৃষ্টি কাঢ়িছিল। প্ৰথমে জন্মস্থান নেপালত ব্যাপক চৰ্চা হৈছিল, লগে লগে নেপাল চৰকাৰে ছাত্ৰীগৰাকীক বঁটা প্ৰদান কৰিছিল।মাল্লাই লিখা এটা পৃষ্ঠাত উল্লেখ আছিল যে “শিশু আৰু প্ৰাপ্তবয়স্ক দুয়োৰে বাবে হস্তাক্ষৰ এক অত্যাৱশ্যকীয় দক্ষতা।
 
আনকি প্ৰযুক্তিৰ যুগতো, শ্ৰেণীকোঠাৰ শিক্ষাৰ্থীসকলৰ বাবে জ্ঞানৰ যোগাযোগ আৰু মূল্যাংকন কৰাৰ প্ৰাথমিক সঁজুলি। ছাত্ৰীগৰাকীৰ কথাখিনি লাখ লাখ নেটিজেনে ভাগ বতৰা কৰাৰ পিছত একাংশই পৰামৰ্শ দিছে যে মাইক্ৰছফটে নিজৰ সামগ্ৰীৰ ওপৰত মাল্লাৰ হস্তাক্ষৰক এক অফিচিয়েল ফণ্ট হিচাপে গ্ৰহণ কৰিব লাগে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।