বলিউডৰ জনপ্ৰিয় গায়ক চনু নিগম, পত্নী মাধুৰীমা আৰু পুত্ৰ নিগমৰ দেহত ক’ভিড-১৯ পজিটিভ

 01/05/2022 - 17:14
 
 
নিউজ ডেস্কঃ বলিউডৰ জনপ্ৰিয় গায়ক চনু নিগমৰ ক’ভিড পজিটিভ। ডুবাইত সপৰিয়ালৰ ক’ভিডত আক্ৰান্ত হৈছে। চনু নিগমে ইনষ্টাগ্ৰামত এই কথা সদৰি কৰে। এক বিশেষ সংগীতানুষ্ঠান আৰু চুপাৰ ছিংগাৰ চিজন ৩ ৰিয়েলিটী শ্বৰ দৃশ্যগ্ৰহণৰ বাবে ভাৰতলৈ অহাৰ কথা আছিল। ভাৰতলৈ আহিবৰ বাবে ক’ভিড পৰীক্ষা কৰোৱাৰ সময়তে কভিডত আক্ৰান্ত হয়। তৃতীয়বাৰৰ বাবে ক’ভিড পৰীক্ষা কৰাইছে যদিও প্ৰতিবাৰেই পজিটিভ পোৱা গৈছে। চনু নিগমৰ পত্নী মাধুৰীমা আৰু পুত্ৰ নিগমো কভিডত আক্ৰান্ত হৈছে। চনু নিগম ডুবাইত থকা নিজৰ ঘৰত আছুতীয়াকৈ আছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।