মানকাচৰৰ কালাপানীত জালনোটসহ দুজন ব্যৱসায়ীক আটক

 01/06/2022 - 13:03
 
 
 
মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী আৰক্ষী চকীৰ অধীনস্থ বাঘাপাৰা অঞ্চলত বুধবাৰে সন্ধিয়া ৭ বজাত আৰক্ষীয়ে অভিযান চলাই ১৪ হাজাৰ ভাৰতীয় মুদ্ৰাৰ জালনোটসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷
 
উল্লেখ্য যে, গোপন সুত্ৰৰ ভিত্তিত দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী আৰু কালাপানী আৰক্ষী চকীৰ আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই জাংগাল গাঁৱৰ মফিদুল মণ্ডলৰ ঘৰৰ পৰা ৫০০ টকীয়া ২৮ খন নোট অৰ্থাৎ ১৪ হাজাৰ ভাৰতীয় মুদ্ৰাৰ জাল নোট উদ্ধাৰ কৰে৷
 
জাংগাল গাঁৱৰ মফিদুল মণ্ডলৰ লগতে আন এজন সৰবৰাহকাৰী হাটশিঙিমাৰী শান্তিপুৰ গাঁৱৰ ছাদ্দাম হুছেইনক অভিযানকাৰী আৰক্ষীৰ দলটো আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন জালনোট সৰবৰাহকাৰী দুজনক কালাপানী আৰক্ষী চকীত আনি সোধপোছৰ অন্তত কালাপানী আৰক্ষীয়ে ৰাতি গ্ৰেপ্তাৰ কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।