দুই যুৱতীৰ মাজত দুৰ্ঘোৰ প্ৰেম, অতি সোনকালে বিবাহপাশত আৱদ্ধ হ’ব সুৰভি আৰু পাৰমিতা

 01/06/2022 - 13:49
 
 
 
 
নিউজ ডেস্কঃ অতি সোনকালে দুই যুৱতী বিবাহপাশত আৱদ্ধ হ’ব। যুৱতী দুগৰাকীৰ নাম সুৰভি মিত্ৰ আৰু পাৰমিতা মুখাৰ্জী। সুৰভিৰ ঘৰ নাগপুৰত আৰু পাৰমিতাৰ ঘৰ কলকাতাত। সুৰভি পেছাত ডাক্তৰ আৰু পাৰমিতাই এটা ডাঙৰ কোম্পানীত চাকৰি কৰি আছে। নাগপুৰৰ এখন ৰিজ’ৰ্টত পৰিয়ালৰ লোকৰ উপস্থিতিত সুৰভি আৰু পাৰমিতাৰ ৰিং চেৰেমনী অনুষ্ঠিত হয়।
 
সমকামিতাক বৰ্তমান সময়ত বৈধ বুলি ঘোষণা কৰা হ’ল যদিও এতিয়াও সমাজে ইয়াক সহজভাৱে গ্ৰহণ কৰিব পৰা হোৱা নাই। সমাজক লৈ চিন্তিত নহয় সুৰভি মিত্ৰ আৰু পাৰমিতা। দুই প্ৰেমিকাই লগতে কয়, ”আমি এটা কথা বিচাৰো ক’ব বিচাৰো যে সুখী হোৱাৰ অধিকাৰ সকলোৰে আছে। কোনে কেনেকৈ সুখী হ’ব সেয়া সকলোৰে নিজা নিজা কথা।
 
আমি দুয়ো জীৱনসংগী হৈ আজীৱন থাকিব বিচাৰো।” উল্লেখ্য যে সুৰভি মিত্ৰ আৰু পাৰমিতা মুখাৰ্জীয়ে এতিয়া সংসাৰ পাতনি মেলাৰ ৰঙীন সপোন ৰচনা কৰাত ব্যস্ত। বিয়াৰ পাছত তেওঁলোক ক’ত থাকিব। ঘৰটো কেনেকুৱা হ’ব।
 
পৰিয়াল পৰিকল্পনা কেনেকৈ কৰিব আদি কথাৰ আলোচনাত ব্যস্ত আছে সুৰভি মিত্ৰ আৰু পাৰমিতা মুখাৰ্জী।পাৰমিতা মুখাৰ্জীয়ে কয় যে ”মই দেউতাৰ সৈতে বহুত ফ্ৰী আছিলো। তেওঁক মই সকলো কথা খুলি কওঁ। মই ২০১৩ চনতে দেউতাক মই যে লেছবিয়ান বা হমোছেক্সুৱেল সেই কথা জনাই দিছিলো।
 
দেউতাই একো আপত্তি কৰা নাছিল। মাক অলপ পলমকৈ কৈছিলো। তেওঁ প্ৰথমে মানি লোৱা নাছিল কিন্তু বুজাই মেলি মান্তি কৰাব পাৰিলোঁ।” আনহাতে সুৰভিয়ে কয় যে ”মই একদম খোলাখুলিকৈ মই কি বিচাৰো সেয়া মা-দেউতাক কৈছিলো। তেওঁলোকে একেবাৰতে মোৰ কথা মানি লৈছিল। তেওঁলোকক সকলো কথা খুলি কোৱা বাবে বহুত সুখী।”
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।