এটা গৰু পোৱালিঃ দুটা মূৰ, চাৰিটা চকু, দুখন মুখ

 01/18/2022 - 18:20
 
 
নিউজ ডেস্কঃ দক্ষিণ ত্ৰিপুৰাত জন্ম পোৱা এটা গৰু পোৱালিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। দুটা মূৰ, দুটা নাক, চাৰিটা চকু, দুখন মুখ। পোৱালিটো পলিচেফালী নামৰ এক বিৰল ৰোগত ভুগি আছে। সাধাৰণতে এনে অস্বাভাৱিক ৰোগত আক্ৰান্ত হৈ জন্ম লাভ কৰা জীৱ-জন্তুৰ আয়ুস সাধাৰণতে কম হয়।যদিও ভাৰতত এনে ঘটনা বিৰল, এনে পৰিস্থিতিৰে জন্ম লাভ কৰা জন্তুবোৰক কেতিয়াবা দেৱতাৰ অৱতাৰ হিচাপে গণ্য কৰা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।