জনপ্ৰিয় ফৰাচী অভিনেতা গেস্পাৰ্ড উলিয়েলৰ স্কি দুৰ্ঘটনাত মৃত্যু

 01/20/2022 - 17:27
 
 
 
 
নিউজ ডেস্কঃ জনপ্ৰিয় ফৰাচী অভিনেতা গেস্পাৰ্ড উলিয়েলৰ মৃত্যু। ফৰাচী সংবাদ মাধ্যমে বুধবাৰে প্ৰকাশ কৰা বাতৰি অনুসৰি চেনেল পাৰফিউম বিজ্ঞাপনত অভিনয় কৰা আৰু ২০১৪ চনৰ এখন জীৱনীমূলক ছবিত ফেশ্বন ডিজাইনাৰ য়ভেছ ছেইণ্ট লৰেণ্টৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে জনাজাত ফৰাচী অভিনেতা গেস্পাৰ্ড উলিয়েলৰ ৩৭ বছৰ বয়সত আল্পছত সংঘটিত এক স্কি দুৰ্ঘটনাৰ ফলত মৃত্যু হয়।মঙলবাৰে আবেলি গেস্পাৰ্ড উলিয়েলে পূৱ ফ্ৰান্সৰ মণ্টভালেজান চহৰত স্কি ট্ৰেইল কৰি আছিল। হঠাতে এটা মধ্যৱৰ্তী ঢালত আন এজন স্কিয়াৰৰ সৈতে অভিনেতাজনৰ সংঘৰ্ষ হৈছিল। এই সংঘৰ্ষৰ পিছত উলিয়েল অচেতন হৈ পৰিছিল আৰু তেওঁক হেলিকপ্টাৰেৰে গ্ৰেনোবল চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য’ত বুধবাৰে তেওঁৰ মৃত্যু হয়। আনজন স্কিয়াৰ কিন্তু আঘাতপ্ৰাপ্ত হোৱা নাছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।