পাকিস্তানত ভয়ংকৰ বিস্ফোৰণঃ ৩ জন নিহত, গুৰুতৰভাৱে আহত ২২ জন

 01/20/2022 - 18:58
 
 
নিউজ ডেস্কঃ পাকিস্তানত ভয়ংকৰ বিস্ফোৰণ। ৩ জনৰ মৃত্যু, ২২ জন গুৰুতৰভাৱে আহত। লাহোৰৰ লাহৰীগেটত এই বিস্ফোৰণত নিহত এটি শিশু। এখন দোকানৰ ভিতৰত সংঘটিত হৈছে এই বিস্ফোৰণ।
 
এই বোমা বিস্ফোৰণত মাটিত ডেৰ ফুট দ' এটা গাঁতৰো সৃষ্টি হৈছে।আহত সকলক মায়' হাস্পতালত ভৰ্তি কৰোৱা হৈছে। কোনে এই বোমা বিস্ফোৰণ সংঘটিত কৰিছে এতিয়ালৈ জানিব পৰা হোৱা নাই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।