আজি ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস

 01/24/2022 - 13:39
 
 
 
নিউজ ডেস্কঃ শিশু হৈছে দেশৰ অমূল্য সম্পদ। ল’ৰাই হওঁক বা ছোৱালীয়ে হওঁক সকলো শিশুৱে পাব লাগে সমান অধিকাৰ। কিন্তু বহুসময়ত কন্যা শিশুৰ প্ৰতি বিভিন্ন ৰাজ্যত অৱহেলিত মনোভাৱ পৰিলক্ষিত হয়৷ কন্যা শিশুৰ প্ৰতি মানুহৰ মাজত থকা বিভিন্ন ধৰণৰ লিংগ বৈষম্যমূলক নেতিবাচক চিন্তাধাৰা দূৰ উদ্দেশ্যৰে ভাৰতত পালন কৰা হয় ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস।
 
২৪ জানুৱাৰী দিনটো কন্যা শিশুৰ বাবে উচৰ্গিত এটা দিন। প্ৰত্যেক বছৰৰ ২৪ জানুৱাৰী তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হয় ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস।’এই দিৱসত কন্যা সন্তানৰ অধিকাৰৰ বিষয়ে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ছোৱালীৰ শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ গুৰুত্বৰ ওপৰতো সজাগতাৰ সৃষ্টি কৰা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।