কাৰ কেতিয়া ভাগ্য সলনি হয় কোনেও ক’ব নোৱাৰে, ৫০০ টকা খুচুৰা কৰিবৰ বাবে লটাৰী টিকট কিনি কোটিপতি হ’ল দৰিদ্ৰ চিত্ৰকৰ

 01/25/2022 - 15:17
 
 
নিউজ ডেস্কঃ ব্যক্তিজনৰ নাম সদানন্দন। পেছাত তেওঁ এজন চিত্ৰকৰ। চিত্ৰশিল্পী সদানন্দনে লটাৰী টিকট কিনি ১২ কোটি টকা পাবলৈ সক্ষম হয়। সদানন্দনে কয় যে সেইদিনা তেওঁ মাংসৰ দোকানলৈ মাংস কিনিবলৈ গৈছিল। ৫০০ টকাৰ খুচুৰা কৰিবৰ বাবেহে তেওঁ ওচৰতে লটাৰী টিকট বিক্ৰী কৰি থকা এজন বিক্ৰেতাৰ পৰা এটা লটাৰী টিকট ক্ৰয় কৰে। সেই টিকটটোৱে সলাই দিলে তেওঁৰ ভাগ্য।
 
পিছবেলালে খবৰ আহে যে সদানন্দনে লটাৰী খেলখনৰ প্ৰথম পুৰস্কাৰ ১২ কোটি টকা পাবলৈ সক্ষম হৈছে। এই খবৰ শুনি সদানন্দনৰ পৰিয়ালটোত আনন্দৰ বন্যা বয়। ইয়াৰ পূৰ্বে সদানন্দনে কেইবাবাৰো লটাৰী টিকট ক্ৰয় কৰিছিল কিন্তু কোনো এবাৰেই তেওঁ জয়ী হোৱা নাছিল। এইবাৰ তেওঁ অনিচ্ছাস্বত্বেও ল’ব লগা টিকটটোৱেহে তেওঁৰ জীৱনলৈ সুখ কঢ়িয়াই আনিলে। তেওঁ বিশ্বাসেই কৰিব পৰা নাছিল যে কেৱল ৫০০ টকা খুচুৰা কৰিবৰ বাবে মন নথকা স্বত্বেও কিনিব লগা হোৱা লটাৰী টিকটটোৱে তেওঁৰ ভাগ্যৰ দশা সলনি কৰি পেলাব।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।