ঘৰলৈ নিতৌ আহে ডেলিভাৰী বয়, ২২ মহীয়া শিশুৱে অৰ্ডাৰ দিলে ডেৰ লাখতকৈও অধিক মূল্যৰ আচ-বাব

 01/25/2022 - 18:47
 
 
নিউজ ডেস্কঃ আমেৰিকা নিবাসী ভাৰতীয় বংশোদ্ভৱ প্ৰমোদ কুমাৰ আৰু তেওঁৰ পত্নী মধু কুমাৰৰ সৈতে সংঘটিত হৈছে এক ঘটনা।মধু কুমাৰে জানিবলৈ দিয়া মতে, তেওঁলোকে নিউ জাৰ্চীৰ ম’নমাউথ জংচনত নতুন ঘৰ লোৱাৰ সময়ত ই-কমাৰ্চ কোম্পানী ৱালমাৰ্টত তেওঁ ঘৰৰ বাবে কেতবোৰ ফাৰ্নিচাৰ পছন্দ কৰি কাৰ্টত ৰাখি থৈছিল।কিন্তু পিছত অনলাইন ক্ৰয় নকৰি, তেওঁলোকে দোকানৰ পৰাই ঘৰৰ আচ-বাবসমূহ ক্ৰয় কৰাত অনলাইনত পছন্দ কৰা আচ-বাবসমূহ কাৰ্টতে থাকি যায়। পিছত এই বিষয়ে পাহৰি যায় মধু কুমাৰে।
 
এদিন যদি চকী, আন কোনোবা দিনা ফুলৰ দানী লৈ তেওঁলোকৰ দুৱাৰত উপস্থিত হয় ডেলিভাৰী বয়। অনিচ্ছা স্বত্বেও তেওঁলোকে সেই সকলোবোৰ ৰাখি থব লগা হয়। লগতে ভৰিবলগা হয় তাৰ মূল্যও। পিছে তেওঁলোকৰ ২২ মহীয়া পুত্ৰ আয়াংশে ভুলবশতঃ সেইসমূহ আচ-বাব অৰ্ডাৰ কৰি পেলোৱাত ইটোৰ পিছত সিটোকৈ সকলোবোৰ তেওঁলোকৰ ঘৰৰ ঠিকনাত ডেলিভাৰ হবলৈ ধৰে। যাৰ বাবদ পৰিয়ালটোৱে ২০০০ ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ১,৪৯,০০০ টকা ভৰিবলগা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।