চৰকাৰে জনালে সিদ্ধান্ত, ১ ফেব্ৰুৱাৰীৰ পৰা পুনৰ খুলিব বিদ্যালয়

 01/28/2022 - 15:30
 
নিউজ ডেস্কঃ দিল্লীত বৃহস্পতিবাৰে লকডাউন উঠাই লোৱাৰ উপৰি চিনেমা হলসমূহো ৫০শতাংশৰে খুলিবলৈ অনুমতি দিছিল৷ তামিলনাডুতো বৰ্তমান পৰিস্থিলৈ লক্ষ্য কৰি জাৰি কৰা নিষেধাজ্ঞাসমূহ শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰাজ্যখনত দেওবাৰৰে পৰা লকডাউন পৰিহাৰ কৰাৰ লগতে ২৮ জানুৱাৰীৰ নিশা ১০ বজাৰ পৰা নৈশ সান্ধ্য আইনো নাথাকিব।
 
ৰাজ্যখনত অহা ১ ফেব্ৰুৱাৰীৰ পৰা প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে নিয়মীয়া পাঠদানসমূহ অফলাইন পদ্ধতিৰে পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে তামিলনাডু চৰকাৰে। লগতে, মহাবিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানসমূহেও পাঠদান পুনৰ আৰম্ভ কৰিব। ৰাজ্যখনত হোটেল আৰু ৰেষ্টুৰেণ্টসমূহ ৫০শতাংশৰ কৰ্মচাৰীৰে খোলাৰ অনুমতি দিয়াৰ লগতে প্ৰায় ১০০ জন লোকৰ উপস্থিতিৰে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছে। লগতে অন্ত্যেষ্টিক্রিয়াত লোকৰ সংখ্যা ৫০ত সীমাবদ্ধ কৰা হৈছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।