দক্ষিণৰ ৰীতি-নীতি আঁকোৱালি বাংলা নিয়ম অনুসৰি বিবাহপাশত আবদ্ধ মৌনী ৰয়

 01/28/2022 - 18:10
 
 
নিউজ ডেস্কঃ এগৰাকী অভিনেত্ৰীৰ এটি ইষ্টাগ্ৰাম পোষ্টে তোলপাৰ লগাইছে অনুৰাগীক৷ ৰীতি-নীতি অনুসৰি বিবাহৰ বান্ধোনেৰে বান্ধ খায় অভিনেত্ৰীগৰাকী৷ তেওঁ আন কোনো নহয় মোহময়ী অভিনেত্ৰী মৌনী ৰয়৷ বাঙালী পৰম্পৰাৰে হোমৰ জুইক সাক্ষী কৰি, শিৰত সেন্দুৰ পিন্ধিলে অভিনেত্ৰীগৰাকী৷ ইয়াৰ মাজতে, বাঙালী বিবাহখনে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। দৰা হৈছে মালায়ালী, কইনা বাঙালী। সেয়েহে বৃহস্পতিবাৰে পুৱা দক্ষিণৰ ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হোৱাৰ পাছত মৌনী ৰয় আৰু সুৰজ নাম্বিয়াই সন্ধিয়া বাংলা নিয়ম অনুসৰি বিবাহপাশত আবদ্ধ হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।