বিত্তমন্ত্ৰীয়ে আজি সদনত দাখিল কৰিলে বাজেট-২০২২

 02/01/2022 - 14:00
 
 
নিউজ ডেস্কঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সদনত ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল কৰিলে। এইখন সীতাৰমণৰ কাৰ্যকালৰ ৪ৰ্থ খন বাজেট। এইবাৰ ২য় বাৰৰ বাবে ডিজিটেল বাজেট দাখিল কৰিলে সংসদত। দিনৰ ১১ বজাত সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২২ বৰ্ষৰ বাজেট। ১) এবছৰত ২৫ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য ২. দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ 9.2 শতাংশ কৰাৰ লক্ষ্য৩. সামগ্ৰিক কল্যাণৰ লক্ষ্য লোৱা হৈছে বাজেটত৪.ডিজিটেল বিশ্ববিদ্যালয় স্থাপনৰ লক্ষ্য৫.অনাগত ২৫ টা বৰ্ষৰ বুনিয়াদ নিৰ্মাণ হ’ব এই বাজেটত৬.ক’ভিডসৃষ্ট পৰিৱেশত মানুহৰ মানসিক স্বাস্থ্যৰ প্ৰভাৱত পৰিছে, মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনত দিয়া হ’ব বিশেষ গুৰুত্ব৭. আইটি খণ্ডক দিয়া হ’ব বিশেষ গুৰুত্ব৮.কৃষি খণ্ডত জৈৱিক উৎপাদনত গুৰুত্ব৯.সীতাৰমণৰ বাজেটত ডাকঘৰত এটিএমৰ প্ৰস্তাৱ১০.দেশৰ জনতাৰ জীৱন শৈলীৰ উন্নীতকৰণৰ লগতে আন্তঃ গাঠনিৰ বিকাশত বিশেষ গুৰুত্ব১১.উত্তৰ-পূৱৰ উন্নতিৰ ক্ষেত্ৰত দিয়া হ’ব বিশেষ গুৰুত্ব, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ১৫০০ কোটি১২. চাৰিশ বন্দে ভাৰত ৰে’ল চলোৱাৰ প্ৰস্তাৱ১৩. বাজেটত এক দেশ এক পঞ্জীয়ন ব্যৱস্থাৰে সম্পত্তি ক্ৰয়ৰ ব্যৱস্থা১৪.বাজেটত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত আঞ্চলিক তথা মাতৃভাষাত অধ্যয়নৰ প্ৰস্তাৱ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।