সম্পূৰ্ণ সুৰামুক্ত হ’ব মিজোৰাম

 03/14/2019 - 14:23

ডিজিটেল ডেস্কঃ অতি সোনকালে সম্পূৰ্ণ সুৰামুক্ত হৈ পৰিব মিজোৰাম।

মিজো নেশ্যনেল ফ্ৰন্টে বিধানসভা নিৰ্বাচনত ৰাজ্যখনক সম্পূৰ্ণৰূপে সুৰামুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই এই বিধেয়ক বিধানসভাত উত্থাপন কৰিব মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই।

জোৰাম থাংগাৰ উদ্যোগতে অনা হৈছে এই সুৰামুক্ত বিধেয়কখন।

যোৱা শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকতে এই বিধেয়কত অনুমোদন জনোৱা হয়। অহা ২০ মাৰ্চৰ পৰা হ’বলগীয়া মিজোৰাম বিধানসভা বাজেট অধিৱেশনত গৃহীত কৰা হ’ব এই বিধেয়ক।

বিধেয়কখন গৃহীত হোৱাৰ লগে লগে দেশৰ ভিতৰতে দ্বিতীয়খন সুৰামুক্ত ৰাজ্য হিচাপে চিহ্নিত হ’ব মিজোৰাম। ​

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।