দেশত বিগত ২৪ ঘণ্টাত ২৫৪১ জন ক’ৰণাত আক্ৰান্ত

 04/25/2022 - 15:04
 
 
নিউজ ডেস্কঃ বিগত ২৪ ঘণ্টাত দেশত ২৫৪১জন লোক নতুনকৈ আক্ৰান্ত হৈছে কৰণাত। মৃত্যু হৈছে ৩০জন লোকৰ। দেশত সক্ৰিয় ৰোগীৰ সংখ্যা এতিয়া ১৬,৫২২ হৈছেগৈ। দৈনিক সক্ৰিয়তাৰ হাৰ এতিয়া ০.৮৪ শতাংশ। দিল্লীত দেওবাৰে কৰণা ভাইৰাছ সংক্ৰমণৰ ১০৮৩টা নতুন ঘটনা পোহৰলৈ আহিছে। বিগত ২৪ ঘণ্টাত এই মহামাৰীত এজন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, সংক্ৰমণৰ হাৰ ৪.৪৮ শতাংশ। সংক্ৰমণৰ নতুন ঘটনাৰ পিছত দিল্লীত মুঠ সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি হৈছে ১৮,৭৪,৮৭৬জনলৈ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।