জনপ্ৰিয় ফেশ্বন মেগাজিন ‘গ্ৰাজিয়া’ৰ প্ৰচ্ছদত লাভলীনা বৰগোঁহাইৰ ফটো

 06/10/2022 - 17:53
 
 
নিউজ ডেস্কঃ বিশ্বৰ অন্যতম জনপ্ৰিয় ফেশ্বন মেগাজিন ‘গ্ৰাজিয়া’ৰ প্ৰচ্ছদত প্ৰকাশ পাইছে অসম কন্যা লাভলীনা বৰগোঁহাইৰ ফটো। বিশ্বৰ ২৬ খন দেশত প্ৰকাশ পোৱা এই ফেশ্বন মেগাজিনখনৰ প্ৰচ্ছদত লাভলীনাৰ ফটো প্ৰকাশ পোৱাৰ পিছতে পুনৰ এবাৰ অসম কন্যাগৰাকীক লৈ গৰ্বিত হৈ পৰিছে সমগ্ৰ অসমবাসী। সাপ্তাহিক ফেশ্বন আলোচনী ‘গ্ৰাজিয়া’ৰ প্ৰচ্ছদত লাভলীনাৰ ফটো প্ৰকাশ পোৱাৰ উপৰিও আলোচনীখনে আন্তঃৰাষ্ট্ৰীয় বক্সাৰগৰাকীৰ বাবে আগবঢ়াইছে কেইবাটাও বিশেষ পৃষ্ঠা।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।