নৰেন্দ্ৰ মোডীৰ টুইটত প্ৰত্যুত্তৰ বিগ বি অমিতাভ বচ্চনৰ

 03/14/2019 - 19:34

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ বাবে সকলোৱে কঁকালত টঙালি বান্ধিছে৷

বিগত বছৰৰ দৰে এই বছৰো বিজেপি চৰকাৰখনে জনসাধাৰনৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ অপৰিসীম চেষ্টা চলাইছে৷

সেই সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগন্তুক লোকসভা নিৰ্বাচনত দেশৰ জনতাক উদ্বুব্ধ কৰিবলৈ দেশৰ কেইবাগৰাকীও জনপ্ৰিয় ব্যক্তিক টুইটাৰৰ যোগে আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্বাহৰুখ খান, চলমান খান, আমিৰ খান, কৰণ জোহৰ আৰু অমিতাভ বচ্চনক টেগ কৰি জনসাধাৰণক ভোট দান কৰাৰ ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনায় এক টুইট কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইট পাই বৃহস্পতিবাৰে বিগ বি অমিতাভ বচ্চনে প্ৰত্যুত্তৰ দি সংবিধানক গণতন্ত্ৰৰ পবিত্ৰ গ্ৰন্থ হিচাপে আখ্যা দিয়ে৷ যুৱ প্ৰজন্মক ভোট দানৰ বাবে উদ্বুদ্ধ কৰি তেওঁ কয়, ‘দেশত ৯০ কোটি ভোটাৰ, ৫৪৩ গৰাকী বিজেতা আছে। ৯০ কোটি ভোটাৰৰ ভিতৰত ৬০ কোটি ভোটাৰেই হৈছে ৩৫ বছৰৰ অনুৰ্ধ্বৰ। যুৱ প্ৰজন্মই ভৱিষ্যতৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰে, অতীতৰ বিষয়ে নহয়। সেইবাবে ভৱিষ্যতৰ বাবে ভোট কৰক।’

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।