বৰপেটা পলিটেকনিক মহাবিদ্যালয়ৰ চতুৰ্থবৰ্গৰ অস্থায়ী কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

 09/12/2022 - 16:02
 
 
বৰপেটাঃ বিগত ১২ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ অহা এইসকল চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য আদায়ৰ দাবীত আজিৰে পৰা অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছে। সমগ্ৰ ৰাজ্যৰ নতুনকৈ স্থাপিত ১১ খন পলিটেকনিক আৰু ২ খন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মুঠ ৩৪৮ গৰাকী চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰীয়ে এতিয়া ভূগিছে চৰম হাতাশাত।
 
বিগত ১২ মাহ ধৰি দৰমহা আদায় নোপোৱাত স্বাভাৱিকতে অৰ্থ সংকটত ভূগিছে এইসকল কৰ্মচাৰী। আনকি চাকৰিৰ দোহাই দি অসম চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ পৰাও বঞ্চিত হৈ আহিছে অস্থায়ী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে। কাজেই এইসকল কৰ্মচাৰীৰ হৈ পৰিছে পানীত হাঁহ নচৰা অৱস্থা। এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এতিয়া বিভাগীয় মন্ত্ৰীৰ ওচৰত প্ৰাপ্য দৰমহা আদায় দিয়াৰ বাবে দাবী জনাই কৰ্মচাৰীসকলে। বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপো। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।