সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ ধুবুৰী নগৰৰ প্ৰবোধন অনুষ্ঠান

 09/13/2022 - 20:00
 
 
ধুবুৰীঃ ৰাষ্ট্ৰীয় সুৰক্ষা, সীমা সুৰক্ষা আৰু নাগৰিকৰ ভুমিকাক বিষয় হিচাপে লৈ আজি সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ ধুবুৰী নগৰৰ উদ্যোগত ধুবুৰী জিলা পুথিভড়াল প্ৰেক্ষাগৃহত প্ৰবোধন অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰত মাতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰি অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভনি হয়। আজিৰ সভাত মূখ্যবক্তা হিচাপে উপস্থিত থাকে হিমাচল প্ৰদেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপ-কুলপতি ড° কুলদীপ চান্দ অগ্নিহোত্ৰীৰ লগতে সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ সভানেত্ৰী ড° প্ৰতিমা নেওগী, সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ ৰাজ্যিক সাধাৰণ সম্পাদক দেৱশীষ দত্ত, জিলা সভাপতি হেমন্ত ৰায়, ধুবুৰী নগৰৰ সভাপতি দিবশ অধিকাৰী আৰু বিএছএফৰ ডিআইজি ৰাম ছলত ৰাম। সভাত মূখ্যবক্তাকে ধৰি উপস্থিত আমন্ত্ৰিত ব্যক্তিসকল ৰাষ্ট্ৰীয় সুৰক্ষা, সীমা সুৰক্ষা আৰু নাগৰিকৰ ভুমিকাৰ ওপৰত তেওঁলোকৰ মূল্যবান ভাষণ প্ৰদান কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।