বিজেপিৰ মন্তব্যক প্ৰত্যাক্ৰমণ তৃণমূল কংগ্ৰেছৰ

 03/14/2019 - 19:59

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ সমূহ ভোটকেন্দ্ৰই স্পৰ্শকাতৰ এই দাবী বিজেপিৰ ।

যি কাৰণে নিৰ্বাচনৰ সময়ত ৰাজ্যখনত হিংসাত্মক পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ এটা দলে নিৰ্বাচন আয়োগক অনুৰোধ জনায় এই ৰাজ্যসমূহ স্পৰ্শকাতৰ বুলি ঘোষণা কৰিবলৈ আৰু নিৰ্বাচনৰ সময়ত সৰহ সংখ্যক আৰক্ষী মোতায়ন কৰিবলৈ।

এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৰবি শংকৰ প্ৰসাদে ।পঞ্চায়ত নিৰ্বাচনৰ সময়ত কেইবাটাও অঞ্চলত ৰক্তাক্ত পৰিস্থিতিৰ গইনা লৈ বিজেপিেয় এই কথা সদৰী কৰে।এনে পৰিপ্ৰেক্ষিতত মমতা বেনাৰ্জী তথা তৃণমূল কংগ্ৰেছৰ সদস্যসকল ক্ষুব্ধ হৈ পৰে।

পশ্চিমবংগ এখন শান্তিপ্ৰিয় ৰাজ্য, এনেধৰণৰ মন্তব্য কৰি বিজেপিয়ে স্বৈৰাচাৰী শাসনৰ বাবে পশ্চিমবংগত প্ৰভূত্ব বিস্তাৰৰ অপচেষ্টা কৰিছে বুলি তৃণমূল কংগ্ৰেছৰ সদস্যসকলে প্ৰত্যাক্ৰমণ কৰে এখন নিৰ্বাচনী সভাত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।