ঠেলা চালকৰ পুত্ৰই পালে অসম আৰক্ষীৰ চাকৰি

 09/18/2022 - 16:03


 


কলগাছিয়াঃ কলগাছিয়াৰ ক্ষুদ্ৰকুছিত ঠেলাৱালাৰ পুত্ৰই সফলতাৰে লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি৷বিল্লাল খানৰ পুত্ৰ আমিৰুল খান নামৰ যুৱকজনে লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি
পিতৃ বিল্লাল খানে ঠেলা চলাই কেতিয়াবা দিন হাজিৰা আকৌ খেতি কৰিয়ে চলাই আছিল পৰিয়াল৷আমিৰুল খানে HS পাছ কৰি BA অধ্যয়ন কৰি থকা অৱস্থাত পিতৃৰ লগত খেতি কৰাত সহায় কৰাৰ উপৰিও অসম আৰক্ষীত যোগদান কৰাৰ বাবে নিজকে শাৰীৰিক অনুশীলন চলাই আছিল আমিৰুল খানে।বহু কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৰ ডাঙৰ পুত্ৰই অসম আৰক্ষীত চাকৰি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালটো৷অসম চৰকাৰৰ নিকা আৰু স্বচ্ছতাৰে প্রদান কৰা চাকৰি লাভ কৰি অসম চৰকাৰক ধন্যবাদ জনায় পৰিয়ালৰ লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।