ধুবুৰীত সাংসদ বদৰুদ্দিন আজমল

 09/20/2022 - 14:26
 
 
 
 
ধুবুৰীঃ দীৰ্ঘদিনৰে পৰা ধুবুৰীৰ একমাত্ৰ টি বি হাস্পতালখন বিধ্বস্ত হৈ আছিল। পিছত ধুবুৰীবাসীৰ প্ৰবল দাবীৰ ভিত্তিত সাংসদ আজমলে পাঁচ বছৰ পূৰ্বে টি বি হাস্পতালৰ নতুন বিল্ডিং নিৰ্মাণৰ বাবে এক কোটি টকাৰ এক আঁচনি ঘোষণা কৰিছিল। তাৰ পিছতেই সাংসদ পুঁজিৰ এক কোটি টকা ব্যয় সাপেক্ষে হস্পিতাল বিল্ডিঙৰ নির্মাণকাৰ্য্য সম্পন্ন হোৱাৰ পিছতেই আজি হাস্পতাল বিল্ডিঙৰ নতুন বিল্ডিঙৰ শুভ উদ্বোধন কৰে সাংসদ গৰাকীয়ে। জিলা উপায়ুক্ত, দুগৰাকী দলীয় বিধায়ক আৰু ধুবুৰী পৌৰপতিক লগত লৈ এই হাস্পতাল বিল্ডিং ৰোগী সকলৰ বাবে উচৰ্গা কৰে সাংসদ আজমলে। ইপিনে ২০২৪ ৰ লোক সভা নিৰ্বাচনত চতুৰ্থবাৰৰ বাবে ধুবুৰীৰ পৰা সাংসদ নিৰ্বাচিত হব বুলি দাবী কৰি ধুবুৰীৰ বাবে বহু কাম কৰিব বুলি আশ্বাস দিয়ে সাংসদ গৰাকীয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.