জামুগুৰিহাটত মন্ত্ৰী পীয়ূষ হাজৰিকা

 09/27/2022 - 16:15

 

জামুগুৰিহাটঃ অহা ৮ অক্টোবৰৰ দিনা ইতিমধ্যে গুৱাহাটীত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা ৰাজ্যিক বিজেপিৰ নৱনিৰ্মিত কাৰ্যলয়ৰ উদ্বোধনী অনুষ্ঠানলৈ চতিয়া সমষ্টিৰ বিজেপিৰ নেতা কৰ্মীসকলক আমন্ত্ৰণ জনাবলৈ আজি চতিয়া সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হয়হি মন্ত্ৰী পীয়ূষ হাজৰিকা। 'কন্যকা ' দুগ্ধ উৎপাদন কেন্দ্ৰৰমুখ্য কাৰ্যালয়ত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত মন্ত্ৰী গৰাকীয়ে দলীয় কৰ্মকতা সকলৰ লগত এক আলোচনাত মিলিত হোৱাৰ পাছত ৰাজ্যিক কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানৰ উপৰিও কেইবাটিও গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত হ'ব লগা উক্ত দিনটোত চতিয়া সমষ্টিৰ পৰা পাঁচ শতাধিক দলীয় কৰ্মী উপস্থিত থাকিব বুলি মন্তব্য কৰে অসম চৰকাৰৰ গুৰুত্ব পূৰ্ণ বিভাগৰ মন্ত্ৰী গৰাকীয়ে। প্ৰায় এক ঘন্টাৰো অধিক সময় ধৰি জামুগুৰিহাটত দলীয় নেতা কৰ্মীসকলৰ লগত আলোচনাত মিলিত হোৱা মন্ত্ৰী গৰাকীয়ে ৮ অক্টোবৰ গুৱাহাটীৰ অনুষ্ঠানত প্ৰায় ৩৫/৪০ হাজাৰৰো অধিক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকিব বুলিও জানিবলৈ দিয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।