শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়া ভৰলী নৈৰ পাৰত ষট পূজাৰ ব্যাপক আয়োজন

 10/31/2022 - 13:09
 
 
 
 
জামুগুৰিহাটঃ কাতি মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিৰ পৰা সপ্তমী তিথিলৈ তিনিদিনীয়াকৈ ধুম-ধামৰে সূৰ্য ষষ্ঠী অৰ্থাৎ ষট পূজা আয়োজন কৰা হয়। ষট পূজা উপলক্ষে আগদিনা অস্তগামী সূৰ্যক প্ৰণাম কৰাৰ লগতে পাছদিনা মাজনিশাই ভক্তসকল আহি সূৰ্য উদয় হোৱাৰ লগে লগে ধূপ-চাকি নৈবদ্ৰৰে সূৰ্যক পূজা-অৰ্চনা কৰা পৰিলক্ষিত হয়। এই পূজাতেই আজি পুৱা ৪ বজাতে ভক্তসকলে একঁকাল পানীত সোমাই সূৰ্যক পূজা কৰা দেখা যায়। উল্লেখ্য বিষয় এইয়ে যে ষট পূজাভাগ পূৰ্বতে হিন্দীভাষী বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত সীমাবদ্ধ আছিল যদিও বৰ্তমান সময়ত এই পূজাই সকলো হিন্দুধৰ্মৰ ভাষা-ভাষীক ৰাইজক সামৰি লোৱাত এই পূজাভাগ সাম্প্ৰদায়িক সম্প্ৰতি আৰু ভাতৃত্ববোধৰ মিলন ভূমিত পৰিণত হৈছে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।