ৰঙিয়াত ৰাস মহোৎসৱত উপস্থিত ভৱেশ কলিতা আৰু ভূৱনেশ্বৰ কলিতা

 11/08/2022 - 12:01
 
 
 
 
 
ৰঙিয়াঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো সোমবাৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় ৰাস মহোৎসৱ৷ দহদিনীয়াকৈ আয়োজন কৰা ৰঙিয়া দীপ্তেশ্বৰীৰ হৰি মন্দিৰ ৰাস মহোৎসৱ সন্ধিয়া মাঙ্গলীক কাৰ্য্যসূচীৰে পূজা আৰম্ভ আৰম্ভ হোৱাৰ পিচতে টোপধ্বনিৰ মাজেৰে আনুষ্ঠানিকভাৱে দ্বাৰ উন্মোচন কৰে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই। দ্বাৰ উন্মোচন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই শ্ৰীকৃষ্ণৰ অপূৰ্ব লীলাই প্ৰেম আৰু ভক্তি ৰস দিয়াৰ লগতে সমাজ জীৱনক প্ৰগতিশীল কৰি তুলি শান্তি সম্প্ৰতি বিয়পাই বুলি মন্তব্য কৰে। ৰাস মহোৎসৱত আই মাতৃ সকলৰ উৰুলিৰ মাজতে মৃন্ময় মূৰ্তি তথা প্ৰদৰ্শনিৰ দ্বাৰ উন্মোচন কৰে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই। সাংসদ গৰাকীয়ে কয় যে ৰাস মহোৎসৱৰ নিচিনা উৎসৱে ভক্তিৰ লগতে সমাজত শান্তি-সম্প্ৰীতি ৰক্ষা কৰাত সহায় কৰে। এই উদ্বোধনী অনুষ্ঠানত ৰাস মহোৎসৱস্থলীত লোকে লোকাৰণ্য হৈ পৰে। প্ৰায় ৩৭ লক্ষাধিক টকাৰ বাজেটেৰে আয়োজন কৰা ৰাস মহোৎসৱত বিপনী সমূহত আটকধুনীয়াকৈ স্থাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ মৃন্ময় মূৰ্তি সমূহ৷ ইয়াৰে বহু মৃন্ময় মূৰ্তিত বৈদ্যুতিক কলা কৌশল প্ৰয়োগ কৰি আকৰ্ষণীয় কৰি তোলা হৈছে৷ দহদিনীয়া কাৰ্যসূচীৰে আয়োজিত ৰাস মহোৎসৱত যথাবিহিত পূজা-অৰ্চনা, নাম-প্ৰসঙ্গ, ভাগৱত পাঠ আদিৰ লগতে সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হৈছে৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।