গহপুৰ হাৱাজানত ৰাধাৰূপী মেঘৰঞ্জনী আৰু কংসৰৰূপী ভূপেছ

 11/13/2022 - 12:14
 
 
 
গহপুৰঃ এতিয়া ৰাসৰ বতৰ। ৰাসৰ অমিয়া সুৰে গুঞ্জৰিত ৰাসস্থলী। শ্ৰীকৃষ্ণৰ গুণ-গৰিমা লীলাৰ অপূৰ্ব বৰ্ণনাৰে গুঞ্জৰিত হৈছে প্ৰতিখন ৰাসস্থলী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ব্যতিক্ৰম নহয়  গহপুৰ। গহপুৰৰ বিভিন্ন স্থানৰ লগতে হাৱাজান দেউৰীগাঁৱৰ হৰিমন্দিৰ প্ৰাংগনত যোৱা ১১ নবেম্বৰৰ পৰা দুদিনকৈ অনুষ্ঠিত হোৱা ৰাস ভাগ যোৱাকালি সফল পৰিসমাপ্তি ঘটে। যোৱাকালি অন্তিম নিশাৰ ৰাস স্থলীত কংসালয়ত কংসৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিমন্ত্ৰিত অতিথি ৰূপে কংস চৰিত্ৰত অভিনয় কৰা গহপুৰ কুকুৰাচোৱা নিবাসী কণিষ্ঠ অভিযন্তা ভুপেছ ভূঞাঁৰ সফল সাবলীল অভিনয়ে দৰ্শকক মোহিত কৰে। অসমৰ অভিনয় জগতৰ খ্যাত নামা অভিনেত্ৰী মেঘৰঞ্জনীৰ ৰাধাৰ অভিনয় ও নৃত্য প্ৰদৰ্শনে কেইবা হাজাৰ দৰ্শকক আপ্লুত কৰি তোলে। লগতে স্থানীয় ৰাইজ আৰু মহিলাসকলৰ সহযোগত নৃত্য গীত-মাতে দ্বিতীয় বৃন্দাবনলৈ ৰূপান্তৰিত হোৱা দেখা গ'ল ৰাসস্থলী।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।