নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবী: দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

 06/17/2019 - 20:20

বৰপেটা: বৰপেটা জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা বৰপেটা জিলাৰ পুঠিভৰাল প্ৰাঙ্গনত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প চিৰদিনৰ কাৰণে বন্ধ কৰাৰ দাবীত বৰপেটা জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। বৰপেটা জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰক শ্ল'গান দিয়ে আৰু সাংবাদিকৰ আগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে।

দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ পিছত কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ছাহজাহান মহম্মদ তথা বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰফিকুল ইছলাম আৰু সম্পাদক কাজি নজিমুল হকৰ নেতৃত্বত বৰপেটা জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই স্মাৰক পত্ৰ গ্ৰহণ কৰে বৰপেটা ৰাজহ চক্ৰ বিষয়া পল্লৱী গগৈয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।