ভাৰতীয় বায়ু সেনাৰ জোৰদাৰ সামৰিক অনুশীলন

 03/15/2019 - 13:57

ডিজিটেল ডেস্কঃ পঞ্জাৱৰ অমৃতসৰ উপকন্ঠ অঞ্চলত চলিছে ভাৰতীয় বায়ু সেনাৰ সামৰিক অনুশীলন। বৃহস্পতিবাৰে নিশা পঞ্জাৱ আৰু জম্মু-কাশ্মীৰ সীমান্তৱৰ্তী অঞ্চলত ভাৰতীয় বায়ু সেনাৰ কেবাখনো বিমানে এই অনুশীলনত ভাগ লয়।

এই সামৰিক অনুশীলনৰ সময়ত বায়ু সেনাৰ জেট যুঁজাৰু এয়াৰক্ৰাফ্ট আৰু ছুপাৰছনিক বিমানসমূহে সীমান্তৱৰ্তী জিলাসমূহৰ ওপৰত চোকা নজৰ দিয়ে। বালাকোট আক্ৰমণৰ পাছতেই পাক বায়ু সেনাই ভাৰতৰ ভূমিত আক্ৰমণ কৰিছিল। তাৰপাছত কিছুদিনৰ পূৰ্বে সীমান্তৰ অঞ্চলত পাক আকাশ মাৰ্গত পাকিস্তানী বায়ু সেনাই সামৰিক অনুশীলন কৰিছিল। এল অ চিৰ পৰা ১০ কিঃমিঃ নিলগত এই অনুশীলন কৰিছিল পাক বায়ু সেনাই।

তাৰপাছতেই ভাৰতীয় বায়ু সেনাই বৃহস্পতিবাৰৰ নিশা এই অনুশীলন কৰে। বায়ু সেনাৰ সূত্ৰই জানিবলৈ দিয়া মতে, পাকিস্তান বায়ু সেনাৰ যিকোনো আক্ৰমণ প্ৰতিৰোধৰ বাবে এইদৰে অনুশীলন অব্যাহত ৰাখিছে। ইতিমধ্যে হাইএলাৰ্ট জাৰি কৰি থোৱা আছে এই সীমান্তৱৰ্তী অঞ্চলসমূহত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।