বেংকসমূহক একত্রিতকৰণ কেন্দ্ৰীয় চৰকাৰৰ

 03/15/2019 - 16:54

ডিজিটেল ডেস্ক: বিত্ত মন্ত্রী অৰুণ জেটলিয়ে সোমবাৰে জনোৱা মতে, বেংক ক্ষেত্রখনত মিতব্যয়ীতাৰে আগবাঢ়িবলৈ দেশক কেইটামান বৃহৎ বেংকৰ প্ৰয়োজন আছে। ২০১৭ বৰ্ষত ভাৰতীয় ষ্টেট বেংকৰ লগতে তাৰ পাঁচটা সহযোগী বেংক আৰু ভাৰতীয় মহিলা বেংকৰ লগত একত্রিত হোৱাৰ পিছত এইবৰ্ষত চৰকাৰে দেনা বেংক,বিজয়া বেংক,বেংক অব বৰোদাক একত্রিত কৰিবলৈ মঞ্জৰী জাৰি কৰিছে।

আইবিআইৰ নিৰ্দেশ মণ্ডলীৰ লগত হোৱা পৰম্পৰাগত বৈঠক আহ্বান কৰি জেটলিয়ে কয় যে,এছবিআইক একত্রিত কৰাৰ আমাৰ অনুভৱ আছে এতিয়া এইক্ষেত্রত দ্বিতীয় একত্রিতকৰণ হ'বলৈ গৈ আছে। বেংকৰ ক্ষেত্রত ভাৰতক কেইটামান বৃহৎ বেংকৰ প্ৰয়োজন আছে যি সৰ্বতোপ্ৰকাৰে মজবুত হয়। এই একত্রিকৰণৰদ্বাৰা বেংকসমূহ ঋণৰ লগতে মিতব্যয়ীতাৰ ক্ষেত্রত যথেষ্ঠ লাভান্বিত হ'ব।

কেন্দ্ৰীয় চৰকাৰে যোৱা মাহত তিনিটা বেংকৰ লগত একত্রিকৰণৰ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ফলত এছবিআই আৰু আইচিআইচিআই বেংকৰ পিছত এই বেংক তৃতীয় বৃহৎ বেংকৰ তালিকাত অন্তৰ্ভুক্ত হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।