ঋণৰ ভৰ ল’ব নোৱাৰি সকলো পুৰস্কাৰ নিলাম টেনিছ তাৰকা বৰিছ বেকৰৰ

 06/25/2019 - 10:52

ডিজিটেল ডেস্কঃ এসময়ৰ টেনিছ তাৰকা জাৰ্মানৰ বৰিছ বেকৰৰ চলিছে এতিয়া দুঃসময়। ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই জাৰ্মানৰ প্ৰাক্তন টেনিছ খেলুৱৈ বৰিছ বেকৰে নিলাম কৰিব লগা হৈছে নিজৰ পুৰস্কাৰসমূহ। সোমবাৰৰ পৰা অনলাইনযোগে খেলুৱৈগৰাকীৰ পুৰস্কাৰ সমূহৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ হৈছে। ব্ৰিটিছ নিলাম কোম্পানী ৱাইলছ হণ্ডীয়ে সোমবাৰৰ পৰা অনলাইনযোগে এই পুৰস্কাৰসমূহৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰে।

তেওঁ মাত্ৰ ১৭ বছৰ বয়সতে তিনিটাকৈ গ্ৰেণ্ড শ্লেম জয়ী হৈছিল। উইম্বল্ডনৰ ইতিহাসত খিতাপ অৰ্জন কৰা টেনিছ খেলুৱৈ বৰিছ বেকৰক এসময়ত আগশাৰীৰ টেনিছ খেলুৱৈ হিচাপে আখ্যা দিয়া হৈছিল।প্ৰাক্তন টেনিছ খেলুৱৈগৰাকীয়ে তথা ছয়বাৰকৈ গ্ৰেণ্ড শ্লেম চেম্পিয়নগৰাকীয়ে লাখ লাখ পাউণ্ডৰ ঋণ পৰিশোধ কৰিবলৈ বাকী আছে। আৰু অনুমান কৰা হৈছে যে এই নিলাম প্ৰক্ৰিয়াৰ দ্বাৰাও তেওঁ সম্পূৰ্ণ ঋণ পৰিশোধ কৰিবলৈ সক্ষম নহ’ব।

জাৰ্মানৰ এই টেনিছ খেলুৱৈগৰাকীয়ে নিলাম কৰিব লগা পুৰস্কাৰ সমূহৰ ভিতৰত আছে চেলেঞ্জ কাপ, তিনিটা ৰেনশ কাপ, ১৯৯০চনত উইম্বল্ডনৰ ফাইনেল মেচত লাভ কৰা পদক, ১৯৮৯চনত ইৱান লেন্ডলত লাভ কৰা ইউ এছ অপেনৰ ৰূপৰ পদকৰ উপৰিও অন্যান্য পদক, পুৰস্কাৰ, ঘড়ী আৰু ফটোসহ মুঠ ৮২টাকৈ সামগ্ৰী। নিলামী কোম্পানীটোৱে নিজা ৱেবছাইটযোগে জনোৱা অনুসৰি, এই নিলাম প্ৰক্ৰিয়া অহা ১১ জুলাই, ২০১৯লৈ চলিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।