ৰঙিয়াত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

 06/27/2019 - 18:03

ৰঙিয়াঃ ৰঙিয়া ঐতিহাসিক হৰদত্ত বিৰদত্ত ভৱনত আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই এক বিশেষ অভিনন্দন কাৰ্যসূচী ৰূপায়ণ কৰে। চলিত বৰ্ষত ৰঙিয়া মহকুমাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা কাৰ্য্যসূচীত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ অমৰজ্যোতি চৌধুৰী নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে।

অনুষ্ঠানটোত ডঃ চৌধুৰীৰ লগতে আছুৰ কেন্দ্ৰীয় সমিতিৰ সহঃ সাধাৰণ সম্পাদক প্ৰকাশ দাস, তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, কামৰূপ জিলা আছুৰ উপদেষ্টাদ্বয় ধীৰাজ ৰাজবংশী, নিৰোদ দাস, সভাপতি দিবাকৰ কলিতাৰ লগতে সাধাৰণ সম্পাদক হেমন্ত দাস উপস্থিত থাকে। অনুষ্ঠানটোত উপস্থিত থাকি ডঃ চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে যদিহে সৎপথেৰে ধন উপাৰ্জন কৰে সেই সকলৰ সন্তান কোনোদিনে বেয়া হ’ব নোৱাৰে বুলি উল্লেখ কৰি এনে ছাত্ৰ-ছাত্ৰীসকল একোজন শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰী হিচাপে পৰিগণিত হ’ব বুলি কয়।

শিক্ষাবিদগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ বাঁহগছৰ লগত তুলনা কৰি আৰু কয় যে বাঁহ গছ আমি যেতিয়াই ৰোপন কৰো তেতিয়া প্ৰথমে ইয়াৰ গুৰিটো চাই অনুভব কৰো যে কেতিয়া ডাঙৰ হ’ব। কিন্তু ঠাইডোখৰৰ উৰ্বৰতাৰ বাবে ১০ বছৰৰ মানৰ ভিতৰতে ই গৈ আকাশ চুব বিচাৰে। ঠিক তেনে দৰে আমি অভিভাৱকসকলে ভালকৈ ছাত্ৰ-ছাত্ৰীৰ ভেটি তৈয়াৰ কৰিব পাৰিলে ছাত্ৰ-ছাত্ৰীসকলেও এদিন উপযুক্ত ঠাইত ঠিয় হ’ব পাৰিব।

কিন্তু ইয়াৰ বাবে লাগিব কিছু সময়, ধৈৰ্য্য। এই সময়খিনিত অভিভাৱকসকলক সঠিক পথত থকাতো অতি প্ৰযোজন বুলি ডঃ চৌধুৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। ইফালে গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থকা আছু নেতা প্ৰকাশ ডেকা, ধৰ্মেশ্বৰ দাসৰ লগতে আন কেইবাজনো নেতাই ভাষণ ৰাখে। কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত দাসে উদ্বোধনী ভাষণ ৰখা অভিনন্দন অনুষ্ঠানটোত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জয়ন্ত কুমাৰ শৰ্মাই সভাপতিত্ব কৰে। অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মৃন্ময় কুমাৰ ডেকাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।