বিধ্বস্তপ্ৰায় অৱস্থা জনিয়া-কাদং পথৰ

 03/20/2019 - 16:09

বৰবালাঃ বৰপেটা গ্ৰাম্য পথ সংমণ্ডলৰ গুৰুত্বহীনতাৰ ফল ভূগিবলগীয়া হৈছে বৰপেটা জিলাৰ জনিয়া বিধান সভা সমষ্টিৰ বৃহত্তৰ জনিয়া-কাদঙৰ ৰাইজ। উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত এক কোটি উনৈশ লাখ টকা ব্যয় সাপেক্ষে জনিয়াৰ পৰা কাদং বজাৰলৈ ষোল্লশ মিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণ কৰিছিল বিভাগটোৰ পৰা ঠিকা লাভ কৰা আব্বাছুজ জামান নামৰ এগৰাকী ঠিকাদাৰে।

বিগত ২০১৪ বৰ্ষৰ ৬ জুনৰ পৰা আৰম্ভ হোৱা কামটো লক্ষণীয়ভাৱে কেইবামাহ পলমকৈ আৰম্ভ কৰিছিল ঠিকাদাৰগৰাকীয়ে। ৰাইজৰ অভিযোগৰ পিছত কোনোৰকম খৰখেদাকৈ পথটোৰ কাম সম্পূৰ্ণ কৰিছিল কেইগৰাকীমান শ্ৰমিকৰ জৰিয়তে। এই সন্দৰ্ভত ৰাইজে অভিযোগ কৰিছিল যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। উক্ত পথটোৰ কাম প্ৰাককলন বিজ্ঞানসন্মতভাৱে নকৰাৰ ফলস্বৰূপে পথটোৰ এটা অংশ বানত ছিগি গৈছিল।

স্মৰ্তব্য যে, বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিত সম্প্ৰতি সম্পূৰ্ণৰূপে বিধ্বস্ত পথটোৰে গাড়ী-মটৰ বা চাইকেল আৰোহীতো বাদেই খোজকাঢ়ি যোৱাও দুৰূহ। এই পথছোৱাত নিৰ্মাণৰ পিছৰ পৰাই মাজে মাজে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ ফলত এজাক বৰষুণতে যাতায়াতৰ অনুপযোগী হৈ পৰে। বৰ্তমান যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হোৱা পথচাৰীয়ে পথটোৰ পুনৰ নিৰ্মাণত গুৰুত্ব প্ৰদানৰ বাবে জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনক আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।