আবিৰৰ ৰঙত মত্ত ৰাজ্যবাসী

 03/21/2019 - 14:14

গুৱাহাটী: আজি পৱিত্র ফাকুৱা উৎসৱ। সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো দেখা গৈছে ব্যাপক উল্লাস উদ্দীপনা। আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰঙৰ উৎসৱটো। ইয়াৰ সমান্তৰালকৈ, হোলী গীতৰ মূৰ্চ্ছনাৰে মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হলী উপলক্ষে অনুষ্ঠিত কৰা হৈছে বিভিন্ন অনুষ্ঠান।

ৰাজ্যৰ ঐতিহ্যমণ্ডিত ঠাই বৰপেটা, বটদ্ৰৱা আৰু মাজুলীত আৰম্ভ হৈছে দৌল যাত্ৰাৰ বিশেষ কাৰ্যসূচী। বৰপেটাত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে ফাকুৱা। মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান আৰু সত্ৰনগৰী মাজুলীৰ ঐতিহ্যমণ্ডিত সত্ৰ সমূহটো পৰম্পৰাগত ৰীতি-নীতিক সাৰোগত কৰি আৰম্ভ হৈছে হোলী গীত।

এই আবিৰৰ ৰঙেৰে অপায় অমংগল নাশ কৰি ভ্ৰাতৃত্ববোধৰ ডোলেৰে সমাজখনক একগোট কৰিব বুলি জনসাধাৰণে আশা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।