ধমধমাত পাগলাদিয়াৰ সংহাৰী ৰূপঃ উন্মুক্ত মথাউৰিৰ বাবে পানীত ডুবিল ১৫ খনৰো অধিক গাঁও

 07/10/2019 - 20:25

নলবাৰীঃ ভূটানৰ পৰা নামি অহা সংহাৰী বানে আতংকিত কৰি তুলিছে নলবাৰীৰ ধমধমা অঞ্চলৰ প্ৰায় ১৫খন গাঁৱৰ ৰাইজক। আজি পুৱাৰ ভাগত পাগলাদিয়া নৈৰ বাঢ়নী পানী গড়ভিতৰ অঞ্চলেৰে সোমাই তাণ্ডৱলীলা চলাইছে বৃহত্তৰ ধমধমা অঞ্চলত।

অঞ্চলটোৰ চতেমাৰী, ভেলামাৰী, গড়ভিতৰ, ধমধমা, উজীৰখাট, মাজুশিৰাল, উত্তৰ বৰশিৰাল, জাৰতালুক, সুন্দৰপুৰ, গলবিল, ভেৰভেৰী, পোতাৰপাৰ, চতেবাৰী আদি গাঁওসমূহৰ প্ৰায় সংখ্যক পৰিয়ালৰ গৃহতে পানী সোমাই আতংকময় পৰিবেশৰ সৃষ্টি হৈছে যদিও প্ৰশাসনৰ তৰফৰ পৰা এই মুহূৰ্তলৈ কোনো যাবতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

অঞ্চলটোৰ বিভিন্ন পথ পানীৰ তলত সোমাই পৰাৰ লগতে যাতায়ত বিঘ্নিত হৈ পৰিছে। খোৱা পানী, পশুধনৰ খাদ্যৰ লগতে মানুহৰ খাদ্য সামগ্ৰীৰ অভাৱ ঘটিছে গাঁওসমূহত। বাগছা জিলা আৰু নলবাৰীৰ সীমান্তৱৰ্তী ঠাইখিনিত এতিয়া আতংকময় পৰিবেশে বিৰাজ কৰিছে। চৰকাৰ অথবা প্ৰশাসনে তাৎক্ষনিকভাবে যাবতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিয়ালসমূহৰ অৱস্থা শোচনীয় হৈ পৰাটো নিশ্চিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।