গাহৰি-ছাগলী পালনেৰে স্বাৱলম্বী লামডিঙৰ যুৱক

 07/11/2019 - 16:18

লামডিংঃ চৰকাৰী চাকৰিয়েই নিবনুৱাৰ একমাত্ৰ ভৰসা নহয়। চৰকাৰী চাকৰি অবিহনেও যে চেষ্টা আৰু মনৰ দৃঢ়তা থাকিলে নিজেই স্বাৱলম্বিতাৰ পথ মুকলি কৰি ল’ব পৰা যায় তাকেই প্ৰমাণ কৰিলে হোজাই জিলাৰ লামডিঙৰ যুৱক বিক্ৰান্ত কাল্লাহ নামৰ উদ্যমী শিক্ষিত যুৱকজনে।

নিবনুৱা সমস্যাই অসমৰ জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হোৱাৰ সময়তেই লামডিঙৰ এই যুৱকজনে গাহৰি আৰু ছাগলী পালনৰ বাবে দিল্লীৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি মা দুর্গা নামৰ নিজাববীয়াকৈ ফাৰ্ম খুলি স্বাৱলম্বী হৈছে।

যুৱকজনৰ এনে প্ৰচেষ্টাই অন্য নিবনুৱা যুৱকসকলক কৰ্মৰ বাবে আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰিব। কম খৰচ কৰিও কৃষকে যে অধিক উৎপাদনেৰে লাভবান হ’ব পাৰে বিক্ৰান্ত কাল্লাহ নামৰ উদ্যমী যুৱকজনে তাৰেই নিদৰ্শন দাঙি ধৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।