ক্ৰমশঃ নিসংগ হৈ পৰিব নেকি অখিল গগৈ। কোনে লগ এৰিলে অখিলৰ?

 03/23/2019 - 18:07

ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনত কাক কাক ভোট নিদিব এই বিষয়ে ৭০ সংগঠনৰ আহ্বায়ক কৃষক নেতা অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰাৰ পাছতে সংগ ত্যাগ কৰে এটা সংগঠনে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে নতুন দিল্লী পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰা ৭০ সংগঠনৰ অন্যতম সহযোগী 'যুঁজাৰু দ্য ফাইটাৰ্ছ' নামৰ সংগঠনটোৱে।

এক পত্রত সংগঠনটোৰ সাধাৰণ সম্পাদিকা জুলি চক্ৰৱৰ্তীয়ে কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে একগোট হৈ আন্দোলন কৰি সফল হ'লো। আমাৰ সংগঠনৰ নিজা নীতি আৰু কাৰ্যসূচী আছে গতিকে সেই জোঁটবন্ধনৰ পৰা ওলাই আহিবলৈ সিদ্ধান্ত লৈছো।

পত্রত সাধাৰণ সম্পাদিকাগৰাকীয়ে আহ্বায়কক ৭০ৰ পৰিবৰ্তে এতিয়াৰ পৰা ৬৯ সংগঠন বুলি ক'বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, কংগ্ৰেছ দলৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'বলৈ এজন অধিবক্তালৈ অখিল গগৈয়ে ফোন কৰা বুলি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে সংগঠনটোৱে অখিল গগৈৰ লগ এৰাটো তাৎপৰ্যপূৰ্ণ।

ইফালে, কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে সংগ ত্যাগ কৰা 'যুঁজাৰু দ্য ফাইটাৰ্ছ'ৰ সভানেত্ৰী জোনমণি দেৱী খাউণ্ডৰ নামো চৰ্চিত হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।