দিল্লীৰ দিলশ্বাদ গাৰ্ডেন এৰিয়াত অগ্নিকাণ্ড

 03/23/2019 - 20:44

নতুন দিল্লী: দিল্লীৰ দিলশ্বাদ গাৰ্ডেন এৰিয়াত আবেলি ২ বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
জানিব পৰামতে এটা পেপাৰ ফেক্টৰীৰ গুদামত এই অগ্নিকাণ্ডটো হৈছে।
অগ্নিকাণ্ডটোত বৰ্তমানলৈকে কোনো লোক আহত হোৱা নাই যদিও গুদামটোৰ বিস্তৰ ক্ষতিসাধন হৈছে।
অৱশ্যে পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ১৫ খন গাড়ীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।