যাত্ৰাপথতে জ্বলি উঠিল বাছ, নিহত ৪ যাত্ৰী

 03/25/2019 - 12:14

লক্ষ্ণৌঃ উত্তৰ প্ৰদেশৰ মেনপুৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এখন যাত্ৰীবাহী বাছত সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ফলত প্ৰাণ হেৰুৱাইছে ৪ গৰাকী যাত্ৰীয়ে আনহাতে গুৰুতৰ ভাৱে আহত হৈছে এজন লোক।

দেওবাৰে নিশা দিল্লীৰ আনন্দ বিহাৰৰ পৰা লক্ষ্ণৌ অভিমুখে আগৰা-লক্ষ্ণৌ এক্সপ্ৰেছ ৱে’ত গৈ আছিল যাত্ৰীবাহী বাছখন। যাত্ৰাপথত বাছখনে হঠাতে খুন্দা মাৰে এটা ডিভাইডাৰত। তাৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বাছখনত লাগে জুই। এই দুৰ্ঘটনাৰ পাছতেই যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে।

লৰালৰিকৈ বাছখনৰ যাত্ৰীসকল নামি যাবলৈ সক্ষম হয় যদিও দুৰ্ভাগ্যবশতঃ ৪গৰাকী যাত্ৰীয়ে মৃত্যুক আঁকোৱালি লয়। পাছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। আহত লোকজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।