আছাম ৰাইফলছে আটক কৰিলে ধৃত ২ এনএছচিএন(আৰ) কেডাৰক

 03/25/2019 - 12:26

ইটানগৰঃ আছাম ৰাইফলছৰ চাংলাঙ গোটে অভিযান চলাই অৰুণাচলৰ চাংলাঙত আটক কৰিছে দুগৰাকী এনএছচিএন(আৰ) (National Socialist Council of Nagaland  (Reformation)ৰ  সদস্য৷

আটকাধীন কেডাৰ দুগৰাকীৰ নাম চালবীম চলঠিঙ আৰু ৰেছাম ৰেখাং বুলি জানিব পৰা গৈছে৷ সদস্য দুগৰাকীৰ পৰা এটা পিষ্টলসহ চাৰিজাই সজীৱ গুলী, নগদ দহ হাজাৰ টকা আৰু বহু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰিছে আছাম ৰাইফলছে।

ইতিমধ্যে আছাম ৰাইফলছে চাংলাঙ আৰক্ষীক গতাই দিছে ধৃত কেডাৰ চালবীম চলঠিঙ আৰু ৰেছাম ৰেখাঙক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।