অৱশেষত অসমলৈ মনত পৰিল অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাৰ

 07/17/2019 - 20:27

ডিজিটেল ডেস্ক: বৰ্তমান সমগ্ৰ অসম বানৰ কবলত। ৰাজ্যৰ ৩১ খন জিলাই এতিয়া সম্পূৰ্ণ পানীত ডুব গৈছে। যাৰ ফলত ১৫ জন লোকৰ মৃত্যু হয়। কিন্তু অতদিনে খবৰ লবলৈ আহৰি নহ’ল অসম পৰ্যটনৰ  ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাৰ।

অৱেশষত বুধবাৰে নিজৰ টুইটাৰ একাউন্তত অসমৰ তথা অন্য ৰাজ্য সকলৰ প্ৰতি দুখ প্ৰকাশ কৰি কয় যে "অসম তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা খবৰ সমূহে মোক বৰকৈ দুখ দিছে।

ৰাইজৰ যি দশা হৈছে সেইয়া দেখি বৰ দুখ পাইছো। সকলোলৈ মোৰ সমবেদনা থাকিল"। লগতে বান পিড়ীত লোকসকলৰ বাবে চৰকাৰী সাহায্য পুঁজিলৈ দান আগবঢ়োৱাৰ কথা কোৱাৰ লগতে ৰাইজকো আহ্বান জনাই সাধ্যনুসৰি সাহায্য আগবঢ়াবলৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।