হাজোৰ বানাক্ৰান্ত অঞ্চলত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ হাজো কংগ্ৰেছৰ

 07/18/2019 - 11:40

হাজো: ডেৰ দশকৰ পিছত ভয়াবহ বানত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হাজো। হাজোৰ বানাক্ৰান্তৰ কাষত থিয় দিছে হাজোৰ শাসক বিৰোধী সকলো। বিদেশৰ ব্যক্তিগত ভ্ৰমণ সূচী বাতিল কৰি ইংলেণ্ডৰ পৰা হাজোৰ বানাক্ৰান্তৰ কাষলৈ ঢপলিয়াই আহিছে কংগ্ৰেছ নেতা দুলু আহমেদ। হাজোৰ কংগ্ৰেছ নেতা কৰ্মীৰ এটা দলক লৈ দুলু আহমেদে পৰিদৰ্শন কৰে হাজোৰ কেইবাটাও বান বিধ্বস্ত অঞ্চল। বানাক্ৰান্তৰ মাজত বিতৰণ কৰে বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে বিশুদ্ধ খোৱা পানী। হাজোৰ বানাক্ৰান্তক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে।

বানাক্ৰান্ত লোকসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তিনি দিনৰ ভিতৰত হাজোৰ ৪টা জিলা পৰিষদৰ অধীনৰ বানপীড়িত অঞ্চলত একেলগে ৪টা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ কথা সদৰী কৰিছে। কাৰণ পানী শুকাই যোৱাৰ পিছতেই বানাক্ৰান্ত অঞ্চলসমূহত দেখা দিয়ে বিভিন্ন ৰোগে। ইতিমধ্যে হাজোৰ আশ্ৰয় শিবিৰত আৰম্ভ হৈছে বিভিন্ন বেমাৰ আজাৰ। সমষ্টিবাসীৰ দুৰ্দিনৰ সময়ত কোনেও ৰাজনীতি নকৰি বানাক্ৰান্তৰ ওচৰত একেলগে থিয় দিবলৈ আহ্বান দুলু আহমেদৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।