পাটনাত ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ৪ জন লোকৰ

 03/25/2019 - 13:07

পাটনাঃ বিহাৰৰ পাটনাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰাক আৰু অটোৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত প্ৰাণ হেৰুৱাইছে ৪জনকৈ লোকে।

বৰহ–বখটিয়াৰপুৰ আৰক্ষী চকীৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে ১৩গৰাকী লোক। সেই স্থানত উপস্থিত জনতাই ততাতৈয়াকৈ আহত লোকসকলক হস্পিতাললৈ প্ৰেৰণ কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা ইতিমধ্যে চমজি লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।