উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ সন্মুখতে বাইক চুৰিকাণ্ড

 07/19/2019 - 20:38

উত্তৰ গুৱাহাটীঃ উত্তৰ গুৱাহাটীত দিনে দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। আজি দুপৰীয়া উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ সন্মুখত থকা বেংক ইণ্ডিয়া শাখাটোৰ সন্মুখৰ পৰা আৰক্ষীৰ চকুৰ আগৰ পৰাই বাইক লৈ উধাও হোৱা ঘটনাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী অনুযায়ী AS 01 BN 3894/150 চিচি পালচাৰ ক’লা ৰঙৰ বাইকখন ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বেংকটোৰ বাহিৰত থৈ গৰাকী ৰঞ্জিত দাসে বেংকত টকা লেনদেন কৰি বাহিৰলৈ ওলাই আহে।

বেংকৰ পৰা বাহিৰ ওলাই আহি সন্মুখত ৰখা বাইক নোপোৱাত চুৰিকাণ্ড সংঘটিত হোৱা বুলি ৰঞ্জিত দাস নিশ্চিত হয়। ইতিমধ্যে চুৰিকাণ্ড সন্দৰ্ভত বাইকৰ গৰাকীয়ে উত্তৰ গুৱাহাটী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।